Union Budget 2023: প্ৰতিখন চৰকাৰৰ বাজেটতেই অৱহেলিত মনোৰঞ্জন উদ্যোগ- চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত
চিটাৰা ডেস্ক, 1 ফেব্ৰুৱাৰী :বুধবাৰে দাখিল হৈছে 2023 চনৰ কেন্দ্ৰীয় বাজেট ৷ বাজেট দাখিল হোৱাৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে বাজেটৰ দিশৰ পৰা মনোৰঞ্জন উদ্যোগৰ প্ৰত্যাশাৰ ওপৰত আলোকপাত কৰে আৰু কয় যে মনোৰঞ্জন উদ্যোগটো এতিয়ালৈকে অহা প্ৰতিখন চৰকাৰৰ দ্বাৰাই অৱহেলিত হৈ আছে (Ashoke Pandit on Union Budget 2023) ৷ তেওঁ লগতে কয় যে আন কোনো এটা উদ্যোগৰ দৰে কেতিয়াও এই উদ্যোগটোক গুৰুত্ব দিয়া হোৱা নাই ৷
অশোক পণ্ডিতে কয় যে প্ৰতি বছৰে যেতিয়াই বাজেট ঘোষণা হোৱাৰ সময় আহে তেতিয়াই সদায় চিনেমা, টেলিভিছন, অ’টিটি, আৰু ৰাজ্যিক অনুষ্ঠানকে ধৰি মনোৰঞ্জন উদ্যোগটো অতিশয় আশাবাদী হৈ পৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে চলচ্চিত্ৰ নিৰ্মাতাজনৰ মতে মনোৰঞ্জন উদ্যোগটো চৰকাৰৰ দ্বাৰা সদায় অৱহেলিত হৈ আহিছে ।
আগন্তুক বাজেটৰ পৰা নিজৰ আশা ব্যক্ত কৰি ছবি নিৰ্মাতাগৰাকীয়ে লগতে কয় যে 2023 চনৰ কেন্দ্ৰীয় বাজেটে নিশ্চয়কৈ মনোৰঞ্জন উদ্যোগৰ বাবে কিছু সুবিধা তথা লাভালাভ কঢ়িয়াই আনিব বুলি আশা আছে তেওঁৰ (Ashoke Pandit on Budget 2023) । অশোক পণ্ডিতে ক’ভিড মহামাৰীৰ সময়ত হোৱা লকডাউনৰ সময়ছোৱাত মনোৰঞ্জন উদ্যোগে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰে ৷ তেওঁ কয় যে সেই সময়ছোৱাত মনোৰঞ্জন উদ্যোগেই মানুহক মানসিকভাৱে দুৰ্বল হৈ পৰাৰ পৰা ৰক্ষা কৰিছিল আৰু ই বিশ্বজুৰি আমাৰ দেশক কেনেদৰে প্ৰতিনিধিত্ব কৰি আছে সেই বিষয়েও উল্লেখ কৰে ।
ইফালে, 2024 চনৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সৈতে 2023 চনৰ বাজেটখন মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে