অসম

assam

পূৰ্ণগতিত চলিছে ৰাঘৱৰ প্ৰচাৰ

ETV Bharat / videos

Assamese film Raghav promotion: বিহপুৰীয়াত ব্যতিক্ৰমীভাৱে ৰাঘৱৰ প্ৰচাৰ চলালে ছবিখনৰ কলা-কুশলীয়ে

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:44 PM IST

Updated : Oct 16, 2023, 5:20 PM IST

বিহপুৰীয়া, 16 অক্টোবৰ : অহা 27 অক্টোবৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব যতীন বৰা অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ ৷ ইতিমধ্যে ছবিখনৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছে টীম ‘ৰাঘৱ’ ৷ ইফালে আজি বিহপুৰীয়াৰ প্ৰেৰণা ছবিগৃহত উপস্থিত হয় যতীন বৰা, নৱনিতা বৰা, চুমী বৰাসহ ৰাঘৱৰ কলা-কুশলীসকল ৷

ছবিখনৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে বহু কথা ব্যক্ত কৰিলে যতীন বৰাই ৷ দীৰ্ঘদিনৰ এক পৰিকল্পনা বুলি অভিহিত কৰি ৰাইজে বিচৰা ধৰণৰ এখন ছবি পাব বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে ৷ সেয়েহে, সকলোকে ছবিখন চাবলৈ আহ্বান জনায় যতীন বৰাই ৷ সমান্তৰালভাৱে প্ৰযোজিকা নৱনীতা শৰ্মাই ‘ৰাঘৱ’ ছবিখন এখন অতি উন্নতমানৰ ছবি বুলি উল্লেখ কৰি ৰাইজৰ পৰা সহযোগিতাৰ আহ্বান জনায় ৷ 

লগতে সামাজিক মাধ্যমৰ পৰা ছবিজগতলৈ বৰ্ণিল যাত্ৰাৰ অংশীদাৰিত্ব লাভ কৰা যুৱ নৃত্য নিৰ্দেশক তথা অভিনেত্ৰী চুমী বৰায়ো নিজকে এনে এখন ছবিত অভিনয় কৰিবলৈ পায় গৌৰৱান্বিত বুলি সদৰী কৰে । ইফালে উপস্থিত শ-শ ছাত্ৰ-ছাত্ৰী আৰু চিনেমাপ্ৰেমী ৰাইজক উদ্দেশ্য কৰি জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয় যে, জে বি প্ৰডাকচনে সদায়েই নতুন নতুন অভিনেতা-অভিনেত্ৰীক সুযোগ দি আহিছে ।

লগতে পঢ়ক:Assamese film Raghav: তিনিচুকীয়াত টীম ৰাঘৱৰ প্ৰচাৰ অভিযান, ছবিখন কি নতুনত্ব যতীন বৰাৰ ৰাঘৱত

Last Updated : Oct 16, 2023, 5:20 PM IST

ABOUT THE AUTHOR

...view details