Swine fever in Golaghat:গোলাঘাটৰ চিংফুৰাত ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু - গোলাঘাটৰ চিংফুৰাত ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু
গোলাঘাট জিলাৰ চিংফুৰাত পুনৰ ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হৈছে(Swine fever at Singfura in Golaghat)। জিলাখনৰ চিংফুৰাত ছোৱাইন ফিভাৰৰ আক্ৰান্ত হৈ গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাত চিন্তিত হৈছে গাহৰি পালকৰ লগতে গাঁওবাসী । এতিয়ালৈকে গাঁওখনত ১০ৰো অধিক গাহৰি মৃত্যু হৈছে । তদুপৰি বহু গাহৰি এই ৰোগত আক্ৰান্ত হৈ আছে বুলি গঞা ৰাইজে উল্লেখ কৰিছে । একাংশ গাহৰি পালকে উল্লেখ কৰা অনুসৰি কিছুদিন পূৰ্বে আঠখেলীয়াৰ বৰকছাৰীত ১০০ৰো অধিক গাহৰিৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । তাৰ পাছত গোলাঘাট জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে গাহৰি মাংস আৰু গাহৰি বিক্ৰী বন্ধ কৰিছিল । কিন্তু গাহৰিৰ পুনৰ ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ফলত চিন্তিত হৈছে গাহৰি পালকসকল ।
Last Updated : Feb 3, 2023, 8:25 PM IST