অসম

assam

বৰপেটাত ডকাইতি কাণ্ড

ETV Bharat / videos

Crime in Barpeta : বৰপেটা জিলাৰ উদমাৰীত ডকাইতি - Crime in Barpeta

By

Published : Apr 9, 2023, 8:27 AM IST

বৰপেটা, 9 এপ্ৰিল :বৰপেটা জিলাৰ উদমাৰীত ডকাইতিকাণ্ড । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী গাঁৱত শনিবাৰে সন্ধিয়া ডকাইতিক কেন্দ্ৰ কৰি সংঘটিত হয় প্রচণ্ড মাৰপিটৰ ঘটনা । উদমাৰী গাঁৱৰ হজৰত আলীৰ পুত্ৰ চফিকুল ইছলাম আৰু শ্বৰিফুল ইছলামে মদ্যপান কৰি মাৰপিট কৰাৰ লগতে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে আলী হুছেইনৰ পৰিয়ালৰ লোকে (Robbery in Barpeta)। 

আলী হুছেইনৰ পৰিয়ালৰ লোকে আলী হুছেইনে মাকৈ বিক্ৰী কৰি নৌকাৰে নদী পাৰ হোৱাৰ সময়ত শফিকুল ইছলামে মাৰপিট সংঘটিত কৰি আলী হুছেইনৰ পৰা এক লাখ তিনি হাজাৰ টকা লুট কৰি নিয়ে বুলি অভিযোগ উত্থাপন কৰে । ইতিমধ্যে দুয়ো পক্ষকে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আলী হুছেইন নামৰ ব্যক্তিজন গুৰুতৰভাৱে আহত বুলি জানিবলৈ পৰা গৈছে (Sensational robbery at Kalgasia in Barpeta) । 

বৰ্তমান সময়ত আহত আলী হুছেইন বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে আকৌ ধন লুত-পাট কৰা হজৰত আলী আৰু চফিকুল ইছলামে কলগাছিয়া আৰক্ষী থানাত আলী হুছেইনৰ বিৰুদ্ধে এজাহাৰও দাখিল কৰিবলৈ আহে বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । আকৌ মাৰপিটত অভিযুক্ত চফিকুল ইছলামে মদ্যপান কৰা বুলি সাংবাদিকৰ কেমেৰাৰ সন্মুখত স্বীকাৰোক্তি দিয়ে (Crime in Barpeta) ।

লগতে পঢ়ক :Attack on Karimganj: কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা

ABOUT THE AUTHOR

...view details