অসম

assam

By

Published : Jul 29, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Scam in free government paddy distribution: চৰকাৰী ধান বিক্ৰী কৰিবলৈ আহি ৰাইজৰ উত্তম-মধ্যম খালে গ্ৰাম সেৱকে

মৈৰাবাৰীত কৃষি বিভাগে যোগান ধৰা চৰকাৰী ধান বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এজন গ্ৰাম সেৱক (Gram Sevak caught selling government paddy) ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ(Moirabari Police Station) অন্তৰ্ভুক্ত দলৈগাঁৱত বৃহস্পতিবাৰে ধান বিক্ৰী কৰিবলৈ যাওঁতে স্থানীয় ৰাইজে কৰায়ত্ব কৰিলে ছামছুল হক নামৰ এজন গ্ৰামসেৱকক ৷ জানিব পৰা মতে, মৰিগাও জিলা কৃষি বিভাগে যোগান ধৰা বিনামূলীয়া চৰকাৰী ধান দলৈগাঁৱৰে এটা ঘৰত গোপনে ৰাখিছিল গ্ৰাম সেৱকজনে (Scam in free government paddy distribution supplied by agriculture department)। মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তগৰ্ত উলুবাৰী, বৰচাপৰি,আৰু লোচনাবৰী পঞ্চায়তত বিতৰণ কৰিবলৈ অহা চৰকাৰী ধানখিনি গোপনে বিক্ৰী কৰিবলৈ যাওঁতে ৰাইজে প্ৰত্যক্ষ কৰি গ্ৰাম সেৱক ছামছুল হকক আটক কৰি ধানসহ মৈৰাবাৰী আৰক্ষীক চমজাই দিয়ে । আৰক্ষীয়ে গ্ৰাম সেৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details