Road accident at Kalgasia: কলগাছিয়াত পথ দুৰ্ঘটনাত আহত তিনি - Road accident at Kalgasia
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত দেওবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা(Road accident at Kalgasia in Barpeta)।অভয়পুৰীৰ পৰা অমিনগাঁও অভিমুখী বিকল্প ৰাজ্যিক ঘাইপথৰ সমীপত বৰটাৰী বজাৰত বিপৰীত দিশৰ পৰা অহা AS15R1587 নম্বৰৰ মটৰ চাইকেল আৰু AS26C7895 নম্বৰৰ পিক্ আপ বাহনৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত হাবিবুল ইছলাম, হাবিজুল ইছলাম আৰু অমিনুল ইছলাম নামৰ তিনিজন লোক গুৰুতৰভাৱে আহত হয় । ইয়াৰ পাছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত লোককেইজনক টিতপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । পাছত তিনিওজনৰ অৱস্থা অতি সংকটজনক হোৱাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৈ প্ৰেৰণ কৰা হয়(injured person admitted in Fakhruddin Ali Ahmed Medical College)। উল্লেখ্য যে উক্ত স্থানত দুৰ্ঘটনাগ্ৰস্ত হৈ ইয়াৰ পূৰ্বে তিনিজন লোকৰ মৃত্যু হৈছিল । সেয়েহে ৰাইজে অতি সোনকালে উক্ত স্থানত গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST