তিনিদিনীয়াকৈ আৰম্ভ 50 বছৰ গৰকা দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ - Rash Mahotsav Celebration in Duliajan
Published : Nov 26, 2023, 8:45 AM IST
ডিব্ৰুগড়, 26 নৱেম্বৰ : খোল-তাল বাঁহীৰ সুৰৰ লগতে ৰাস গীতৰ মধুৰ ধ্বনিত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ ৷ শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৷ গকুল বৃন্দাবনলৈ পৰিণত হৈছে মাজুলী ৷ আনহাতে, আজিৰ পৰা মাজুলীত আৰম্ভ হ’ব ৰাস মহোৎসৱ ৷ ইফালে ৰাজ্যৰ বিভিন্ন স্থানত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ প্ৰতি বছৰৰ দৰে দুলীয়াজানতো শনিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷
50 বছৰ গৰকা দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ শনিবাৰে পুৱা পতাকা উত্তোলনৰে ৰাস মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে উদযাপন সমিতিৰ সভাপতি আদিত্য গোস্বামীয়ে । আনহাতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি পবিত্ৰ বৰঠাকুৰে । গছপুলি ৰোপণ কৰে প্ৰকৃতি প্ৰেমী ড৹ নবীন বৰুৱা আৰু সুখেন গগৈয়ে । বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে ৰাস মহোৎসৱৰ প্ৰাক্তন সভাপতি হেমেন নেওগে ।
লগতে পঢ়ক :মৰাণত চহা কৃষকৰ সপোন সোণালী হৈ জিলিকিছে ভৰা আঘোণৰ পথাৰত