Police search operation in Bokakhat: স্বাধীনতা দিৱসৰ পূৰ্বে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি তীক্ষ্ণ নজৰ আৰক্ষীৰ - Police search operation in Bokakhat
সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশৰ আন প্ৰান্তৰ লগতে অসমতো আৰক্ষীয়ে সতৰ্কতামূলক ব্য়ৱস্থা গ্ৰহণ কৰিছে (Police search operation ahead of Independence day) ৷ দুস্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সস্তম হৈছে আৰক্ষী আৰু নিৰাপত্তা বাহিনী ।বোকাখাততো আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত নিশাৰ ভাগত চলিছে নাকা চেকিং(Police checking at Bokakhat) ৷ অসম-নগালেণ্ডৰ সীমামূৰীয়া এই অঞ্চলটোত যাতে দুস্কৃতিকাৰীয়ে কোনো কাৰ্যৰে ৰাইজৰ অনিষ্ট সাধন কৰব নোবাৰে তাৰবাবেই এনে ব্য়ৱস্থা গ্ৰহণ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰিছে । প্ৰতিখন গাড়ী তন্ন-তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ৷ সাৰি যোৱা নাই ট্ৰাক আৰু টেংকাৰো ৷ কাৰণ শেহতীয়াকৈ টেংকাৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহ কৰা এখন টেংকাৰৰ চালক আৰু হেণ্ডিমেনৰ লগতে তিনিজন লোকক বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সমাগত স্বাধীনতা দিৱস সকলোৱে যাতে শান্তিপূৰ্ণভাৱে উদযাপন কৰিব পাৰে তাৰ বাবে বোকাখাত আৰক্ষীয়ে চোকা নজৰ ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST