Pijush Hazarika criticizes Congress: কংগ্রেছক কটাক্ষ কৰি কি ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই ? - কংগ্ৰেছে এটা পৰিয়ালক বাদ একো কৰিব নোৱাৰে
‘‘কংগ্ৰেছে এটা পৰিয়ালক বাদ একো কৰিব নোৱাৰে । এয়া ৰাজতন্ত্ৰ নহয় । এটা পৰিয়ালৰ শাসন নচলিব এইখন দেশত’’৷ এইদৰে নগাঁৱত উপস্থিত হৈ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । শুকুৰবাৰে নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত আন্তৰাষ্ট্ৰীয় যুৱ দিৱসত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছক তীব্ৰভাৱে কটাক্ষ কৰে মন্ত্ৰী হাজৰিকাই (Pijush Hazarika criticizes Congress) । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী হাজৰিকাই ‘ভূপেন বৰাৰ অবোল তাবোল কথাৰ উত্তৰ দিয়া নহয় ’ বুলি মন্তব্য কৰে (Pijush Hazarika criticizes Bhupen Bora) ৷ লগতে নগাঁৱত বৃদ্ধি পাই অহা ড্ৰাগছৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST