অসম

assam

ETV Bharat / videos

Threat to NH 37 in Bokakhat: খহি পৰিল ঐতিহাসিক ডাক দলঙৰ গাৰ্ড ৱাল - Threat to NH 37 in Bokakhat

By

Published : Aug 11, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

বোকাখাতৰ ৰজাবাৰীৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে (Threat to NH 37 in Bokakhat) । ৰাষ্ট্ৰীয় ঘাইপথটোৰ বোকাখাতৰ সমীপৰ ৰজাবাৰী আৰু বৰচাপৰিৰ মাজত থকা পথছোৱাত থকা ঐতিহাসিক ডাক দলঙৰ গাৰ্ড ৱালখন খহি পৰাত ৰাইজে এই আশংকা কৰিছে (Guard wall of NH37 collapse In Bokakhat)। উল্লেখ্য় যে, তিনিদিন পূৰ্বেই পথৰ এই অংশ খহি পৰিছিল যদিও গুৰুত্বই নিদিলে লোকনিৰ্মাণ বিভাগে । ফলত যিকোনো সময়ত বহি যাব পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা দলংখন । ইয়াৰ মাজতে দলংখনৰ সংলগ্ন খহি যোৱা পথ অংশ বাঁহৰ খুঁটি আৰু বস্তা দি ঢাকোন দিয়াৰ চেষ্টা চলাইছে লোক নিৰ্মাণ বিভাগে (national highway guard wall collapse in bokakhat)। এই গাৰ্ড ৱালখনত ফাঁট মেলি একাংশ বহি যোৱাৰ পাছতো অতি লেহেম গতিৰে বিভাগে মেৰামতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিভাগীয় কৰ্তৃপক্ষই বুধবাৰে আবেলি বিপদ সংকেতৰ ফিটা বান্ধি নিজৰ দ্বায়িত্ব সামৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ইপিনে,আগন্তক দিনত এজাক বৰষুণ দিলেই ৩৭ নং ৰাষ্ট্ৰীয় বন্ধহৈ যোৱাৰ লগতে উজনি নামনিৰ যাতায়ত বন্ধ হোৱাৰ আশংকা কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details