অসম

assam

ETV Bharat / videos

Opened Flag Selling Centre: বোকাখাতত মন্ত্ৰী অতুল বৰাই মুকলি কৰিলে পতাকা বিক্ৰী কেন্দ্ৰ

By

Published : Jul 31, 2022, 2:20 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালনৰ জৰিয়তে এইবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে এই কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বোকাখাতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ শনিবাৰে বোকাখাত পৌৰসভা কাৰ্যালয়ৰ সমীপতে এটা পতাকা বিক্ৰী কেন্দ্ৰ উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই (Atul Bara opened flag selling centre) ৷ এই কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপ-পৌৰপতি ৰাণা দেৱনাথ, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক দত্ত প্ৰমুখ্যে ৱাৰ্ড কমিছনাৰৰ লগতে বিষয়াসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details