অসম

assam

ETV Bharat / videos

Massive erosion in Bilashipara: গৌৰাং নৈৰ ভয়াৱহ খহনীয়াত শংকিত ৰাইজ - Massive erosion in Bilashipara

By

Published : Aug 2, 2022, 3:10 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ধুবুৰী জিলাৰ বিলাসীপাৰাত গৌৰাং নদীৰ ভয়ংকৰ ৰূপে ত্ৰাসিত কৰিছে নৈপৰীয়া ৰাইজক(Massive erosion of Gaurang River in Bilashipara)। হাজাৰ হাজাৰ ৰাইজক বানে সৰ্বস্বান্ত কৰাৰ পিছত এতিয়া গৰাখহনীয়াই সৃষ্টি কৰিছে ধ্বংসলীলা । ইতিমধ্য়ে গৌৰাং নৈৰ খহনীয়াত জাহ গৈছে ঘৰ-বাৰী । বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীপোতা,কাজাইকাটা ২য় খণ্ড ছুৱাপাতা আৰু কাঠালদি গাৱৰ শতাধিক ৰাইজৰ আপোন ঘৰখন নদীৰ বুকুত বিলীন হৈছে । নদীৰ বুকুত যাহ গৈছে শ শ বিঘা কৃষিভূমি । নৈৰ বুকুত সপোনৰ ঘৰখন জাহ যোৱাত হাহাকাৰ লাগিছে ৰাইজৰ ।গৰাখহনীয়াৰ তাণ্ডৱৰ পৰা পৰিত্ৰাণ বিচাৰি নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি সুৰক্ষিত ঠাইলৈ ঢাপলি মেলিছে । অতি সোনকালে গৌৰাং নৈৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details