Massive erosion in Barpeta: বাঘবৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ খহনীয়া প্ৰতিৰোধ - বাঘবৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ খহনীয়া প্ৰতিৰোধ
বিগত কেইবামাহ ধৰি বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা,গোবিন্দপুৰ অঞ্চলৰ লগতে তৃতীয় খণ্ডৰ পাচনীয়া মহামায়া মন্দিৰলৈ গৰাখহনীয়া অব্যাহত আছে(Massive erosion at Kalgasia in Barpeta)। যোৱা ১২ জুলাইত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উক্ত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি উপস্থিত হৈছিল মালেগড়ৰ গোবিন্দপুৰত(Erosion prevention begins in Baghbar after CMs order)। গোবিন্দপুৰত উপস্থিত হৈ অতি সোনকালেই গৰাখহনীয়া প্ৰতিৰোধ কৰিব বুলি ভূক্তভোগী সকলক আশ্বাস দিছিল । মুখ্যমন্ত্ৰীৰ আশ্বাস মতে বুধবাৰে বিভাগীয় কৰ্তৃপক্ষই চতলা অঞ্চলত আৰ চি চি পোষ্টেৰে নদীত পাৰ্কুপাইনৰ কাম আৰম্ভ কৰে । নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে বিভাগীয় কতৃপক্ষই ।
Last Updated : Feb 3, 2023, 8:25 PM IST
TAGGED:
Massive erosion in Barpeta