অসম

assam

ৰাগিনী গীত মুকলি

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:30 PM IST

ETV Bharat / videos

Ragini song out now: শৰ্মিষ্ঠা দাসৰ কণ্ঠত মুকলি মমতাৰ চিঠিৰ দ্বিতীয়টি গীত মুকলি

বৰপেটা, ১৪ ছেপ্টেম্বৰ:সত্ৰনগৰী বৰপেটাৰ পৰা নিৰ্মিত হৈছে নতুন বোলছবি ‘মমতাৰ চিঠি’ ৷ হেম বৰুৱাৰ বিখ্যাত কবিতা মমতাৰ চিঠিৰ ওপৰত নিৰ্মিত বোলছবিখন অহা ৬ অক্টোবৰত মুক্তি লাভ কৰিব ৷ প্ৰায় নিৰ্মাণৰ কাম শেষ হোৱা বোলছবিখনৰ বুধবাৰে নিশা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দ্বিতীয়টি গীত মুকলি দিয়া হয় ৷ গীতটিৰ নাম ‘ৰাগিনী’ ৷ এই গীতটিত কণ্ঠ নিগৰাইছে শৰ্মিষ্ঠা দাসে ৷

বুধবাৰে নিশা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত আয়োজিত চলচ্চিত্ৰখনৰ গীতৰ মুকলি অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বিজেপিৰ বৰপেটা জিলা সভাপতি অনিল কুমাৰ দাসৰ উপস্থিতিত বৰপেটাৰ সমাজ কৰ্মী ধনজিৎ দাসে বোলছবিখনৰ গীতটো মুকলি কৰে ।

উল্লেখ্য যে, গীতটো মুকলি অনুষ্ঠানত সত্ৰৰ আইসকলেও অংশ লয় ৷ নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মাণ কৰা বোলছবিখনত গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াৰ লগতে ভাৰ্গৱ কটকী, চেতনা দাস আদিয়েও অভিনয় কৰিছে ৷ তৰালী শৰ্মাৰ সংগীত পৰিচালনাৰে নিৰ্মিত বোলছবিখনত জুবিন গাৰ্গৰ লগতে আন কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে কণ্ঠদান কৰিছে ৷  

লগতে পঢ়ক:Mamatar Sithi : কবিতাৰ পৰা নিৰ্মিত ছবি মমতাৰ চিঠিৰ পৰিচালক নিৰ্মল দাসৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details