অসম

assam

শিৱসাগৰত পূৰ্ণগতিত চলিছে

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:06 PM IST

ETV Bharat / videos

Mamatar Sithi: শিৱসাগৰত পূৰ্ণগতিত চলিছে মমতাৰ চিঠি ছবিৰ প্ৰচাৰ

শিৱসাগৰ, 16 ছেপ্টেম্বৰ: হেম বৰুৱাৰ কালজয়ী কবিতা "মমতাৰ চিঠি"ৰ আধাৰত নিৰ্মাণ কৰা মমতাৰ চিঠি নামৰ অসমীয়া ছবিখন অহা ৬ অক্টোবৰত মুক্তি লাভ কৰাৰ দিশে ৷ ছবিখনৰ পৰিচালক নিৰ্মল দাস আৰু ছবিখনৰ শিল্পী কলা কুশলীৰ দল এটাই আজি শিৱসাগৰত ছবিখনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি ছবিখন ৰাইজক আদৰি ল’বলৈ আহ্বান জনায় ৷

"মুখা"ৰ বেনাৰত নিৰ্মিত ডেৰ ঘণ্টীয়া এই ছবিখন প্ৰযোজনা কৰিছে দেবাদীব দাসে ৷ শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি সমুখত মূৰ দুৱাই ছবিৰ কলা কুশলীৰ দলটোৱে আশীৰ্বাদ গ্ৰহণ কৰাৰ পাছত ৰাইজৰ মাজত ছবিখনৰ প্ৰচাৰ কৰে ৷

এই প্ৰচাৰ অভিযানত ছবিখনৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী গীতাঞ্জলি শইকীয়া, কবিন্দ্ৰ দাসৰ লগতে হেমঙ্গ ৰায় চৌধুৰী, পৰিচালক নিৰ্মল দাস আদিকে ধৰি এটা ৭ জনীয়া এটা দলে অংশগ্ৰহণ কৰে ৷ ছবিখনৰ গীতসমূহত জুবিন গাৰ্গ, তৰালী শৰ্মা, ভাস্কৰ অপ্সৱেল আৰু শৰ্মিষ্ঠা দাসে কন্ঠদান নিগৰাইছে ৷ কবিতাক চলচ্চিত্ৰৰ মাধ্যমেৰে এক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰা ছবি খনত চেতনা দাস, গুঞ্জন ভৰদ্বাজ, ৰিণা বৰা আদি ন পুৰণি শিল্পীয়ে অভিনয় কৰা দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক:Ragini song out now: শৰ্মিষ্ঠা দাসৰ কণ্ঠত মুকলি মমতাৰ চিঠিৰ দ্বিতীয়টি গীত মুকলি

ABOUT THE AUTHOR

...view details