Majuli BJP office:ডেৰ বছৰে বিদ্যুৎ মিটাৰ অবিহনে চলিছে মাজুলী বিজেপি কাৰ্যালয় - Majuli BJP office
মাজুলী, ১৩ জুন:ৰাজ্যত এতিয়া বিদ্যুৎ বিলক লৈ অব্য়াহত আছে প্ৰতিক্ৰিয়া । ডিজিটেল মিটাৰে ৰাইজক ত্ৰাহি মধুসূধন দেখুৱাইছে । এনে বিতৰ্কৰ মাজতে মাজুলীত দেখা গৈছে এক ভয়ংকৰ ছবি । যি সময়ত বিদ্যুতকলৈ বিভিন্ন স্তৰৰ ৰাইজে প্ৰতিবাদ কৰিছে সেই সময়তে মাজুলী জিলা বিজেপি কাৰ্যালয় চলিছে চুৰি বিদ্যুতেৰে ।
বিদ্যুৎ মন্ত্ৰীয়ে কয় যদি বিদ্যুৎ নাটনি বলি ,বিধানসভাৰ অধ্যক্ষই আকৌ গৰমত গছৰ তলত বহিবলৈ পৰামৰ্শ দিয়ে । মাজুলী জিলা বিজেপি কাৰ্যালয় আজি ডেৰ বছৰে চলিছে বিদ্যুৎ মিটাৰ অবিহনে । ১০০০ টকাৰ ওপৰত বিদ্যুৎ মাচুল পৰিশোধ নকৰিলে সাধাৰণ ৰাইজৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা বিদ্যুৎ বিভাগক মেনেজ কৰি মাজুলী জিলা বিজেপি কাৰ্যালয় চলিছে নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
ইপিনে,সংবাদ মাধ্যমক মন্ত্যব দিয়াৰ পৰা বিৰত থাকে জিলা বিজেপিৰ কৰ্মকর্তাসকল । অত্যাধুনিক গৃহত আছে বাতানুকূল যন্ত্ৰ ,ফেনকে আদি কৰি কম্পিউটাৰৰ সঁজুলি । মাথো নাই বৈধ বিদ্যুৎ সংযোগহে ।
লগতে পঢ়ক:Flyover Construction in Rangia:ৰঙিয়াত মৰণফান্দলৈ পৰ্যৱসিত ৰাষ্ট্ৰীয় ঘাইপথ