অসম

assam

ETV Bharat / videos

Timber seized in Dibrugarh: ডিব্ৰুগড় চহৰৰ পাঁচআলিত চোৰাং কাঠসহ বাহন জব্দ - কাঠৰ চোৰাং বেহা

By

Published : Aug 3, 2022, 10:28 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ডিব্ৰুগড়ত এতিয়া একাংশই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি তুলিছে কাঠৰ চোৰাং বেহা (Illegal timber trade in Dibrugarh)। ডিব্ৰুগড় সদৰ থানাৰ এটা অভিযানকাৰী আৰক্ষী দলে পাঁচআলিৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত গোপন সূত্ৰৰ জৰিয়তে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন TATA DI বাহন (Timber seized in Dibrugarh)। অৱশ্য়ে কাঠৰ চোৰাং সৰবৰাহৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা এই সামগ্ৰী ডিব্ৰুগড় বন বিভাগক গতাই দিয়ে । তথ্য অনুসৰি, কিছু বিশেষ ব্যক্তিৰ হস্তক্ষেপত এইদৰেই ডিব্ৰুগড় চহৰৰ ভিন্ন স্থানত চলি আহিছে কাঠৰ চোৰাং বেহা ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details