Agriculture Exhibition: মৰিগাঁও জিলাত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী - জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
Published : Nov 7, 2023, 7:01 PM IST
মৰিগাঁও, 7 নৱেম্বৰ : মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী । মৰিগাঁও জিলা কৃষি বিভাগৰ পুৰণি কাৰ্যলয়ৰ প্ৰাংগনত এই প্ৰদৰ্শনী উদ্ধোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । কনিষ্ঠ কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা, নাবাৰ্ডৰ ডিডি এম হেমন্ত কুমাৰ বৰুৱা, লীড বেংক মেনেজাৰ নিত্যানন্দ বৈশ্য, জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতি, জিলা মীন বিষয়া ভাস্কৰ নাথ ।
জিলা পুৰণি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভা উদ্ধোধন কৰে মৰিগাঁও জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই । এই সভাত বক্তব্য আগবঢ়াই জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাই কৃষকসকলক কনভাজেঞ্চ পদ্ধতিৰ কাম কৰাৰ বাবে আহবান জনাই । জিলা কৃষি বিভাগৰ এই পদক্ষেপক আদৰণি জনায় অতিৰিক্ত আয়ুক্তগৰাকীয়ে ৷
লগতে পঢ়ক:Scam in JJM : জলজীৱন আচঁনিৰ ভুৱা পৰিচালনা সমিতি গঠনৰ অভিযোগ