অসম

assam

ETV Bharat / videos

উৎকোচ লোৱাৰ অভিযোগত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক নিলম্বন - উৎকোচ লোৱাৰ অভিযোগ

🎬 Watch Now: Feature Video

By

Published : Aug 13, 2022, 7:24 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ঘোচখোৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত আছে (Vigilance and Anti Corruption Branch operation) ৷ ইয়াৰ মাজতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত জন্ম-মৃত্যুৰ প্ৰমানপত্ৰ দিয়াৰ নামত এগৰাকী কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে (Viral video of Bribery) ৷ এই ঘটনা সন্দৰ্ভত কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই (BTR health department employee suspended for taking bribe) । অহা সোমবাৰে অৰ্থাৎ ১৬ আগষ্টত কৰ্মচাৰীগৰাকীক ছমাহৰ বাবে নিলম্বন কৰা হ’ব আৰু এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা বাহিৰ কৰিবলৈ বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ যুটীয়া সঞ্চালককৈ নিৰ্দেশনা দিয়া বুলি সদৰি কৰিছে কাৰ্যবাহী সদস্যদগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details