Cinema Hall opened in Guwahati: মহানগৰীত মুকলি অজয় দেৱগনৰ NY চিনেমাৰ এক্সক্লুছিভ মাল্টিপ্লেক্স ছবিগৃহ
গুৱাহাটী, ৯ মে : ৰাজ্যত ইটোৰ পিচত সিটোকৈ ছবিগৃহ বন্ধ হোৱাৰ সময়তে মহানগৰীত মুকলি হ’ল এটি নতুন ছবিগৃহ (Cinema Hall opened in Guwahati)। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মুকলি হ’ল বলিউডৰ অভিনেতা অজয় দেৱগনৰ NY চিনেমাৰ এক্সক্লুছিভ মাল্টিপ্লেক্স ছবিগৃহ (Ajay Devgns exclusive multiplex cinema) ৷
সোমবাৰে ভঙাগড় ৰুদ্ৰাক্ষ মলত মুকলি হ’ল ছবিগৃহটো । অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰে নিৰ্মাণ কৰা হৈছে এই ছবিগৃহটো (NY Cinema opened in Guwahati) । ছবিগৃহটোত ৫৬ ফুট বহল ৰূপালী পৰ্দাত প্ৰদৰ্শন হ’ব ছবি । ছবিগৃহটোৰ দুটা প্ৰেক্ষাগৃহত ৪৬০ চিটৰ ব্যৱস্থা আছে । NY চিনেমাই বৰ্তমান ১২ খন চহৰৰ ৫০ খন ৰূপালী পৰ্দাত চলচ্চিত্ৰ প্ৰদৰ্শন কৰি আছে ।
সোমবাৰে অভিনেত্ৰী আইমী বৰুৱা আৰু কেনি বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ছবিগৃহটো । আইমী বৰুৱাই ছবিগৃহ সম্পৰ্কে কয়, "আমাৰ বাবে সুখবৰ । ইয়াত নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন পোৱাৰ লগতে বলিউজ অভিনেতাই আঞ্চলিক ছবিজগতখনক সহায় কৰিব আহিছে খুব ভাল লগা কথা ।"