অসম

assam

ETV Bharat / videos

Asha Parekh Dadasaheb Phalke Award,দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল আশা পাৰেখ - Dadasaheb Phalke Award

By

Published : Oct 1, 2022, 11:41 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

শুকুৰবাৰে প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় (Asha Parekh Dadasaheb Phalke Award)। নতুন দিল্লীত অনুষ্ঠিত 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে । 80 তম জন্মদিনৰ মাত্ৰ এদিন আগতে এই স্বীকৃতি লাভ কৰি অভিভূত হৈ পৰে আশা পাৰেখ । এই বঁটা লাভ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে, "দাদাচাহেব ফাল্কে বঁটা লাভ কৰাটো এক বিশাল সন্মান"। 16 বছৰ বয়সতে মুখ্য মহিলা হিচাপে আত্মপ্ৰকাশ কৰ আশাই 1995 চনত অভিনয়ৰ পৰা আঁতৰি আহে । পৰৱৰ্তী সময়ত তেওঁ টেলিভিছন ধাৰাবাহিক পৰিচালনা আৰু প্ৰযোজনা কৰিবলৈ লয় । 2002 চনত তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে । 1992 চনত পদ্মশ্ৰী সন্মানেৰে সম্বৰ্ধনা জনোৱা হৈছিল আশা পাৰেখক ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details