অসম

assam

মৰাণৰ খুমটাইত চাউদাং ফিচাৰি পাৰ্ক

ETV Bharat / videos

Self reliant by Fish Farming: মৎস পালনেৰে স্বাৱলম্বী হোৱাৰ আহ্বান শিল্পী বিপিন চাউদাঙৰ - মৎস পালন কৰি সফলতা লাভ

By

Published : Apr 11, 2023, 1:56 PM IST

মৰাণ, ১১ এপ্ৰিল:শিল্পী বিপিন চাউদাঙৰ পুখুৰীত কেজিয়ে কেজিয়ে ধৰিছে মাছ । বিহুগীতৰ লগতে কৃষি আৰু মৎস পালন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে (Fish Farming of artist Bipin Chaudang )। মৎস পালনেৰে বহুতৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা শিল্পী বিপিন চাউদাঙৰ পুখুৰীতত কেজিয়ে কেজিয়ে ধৰিছে মাছ । লকডাউনৰ সময়ত নিজাকৈ ব্যৱসায় আৰম্ভ কৰি শিল্পীগৰাকীয়ে ১২ বিঘা মাটিত খান্দিছিল পুখুৰী । তাত মাছ মেলাৰ সমান্তৰালকৈ কাষতে হাঁহ-কুকুৰাও পোহে শিল্পীগৰাকীয়ে ।  

আগন্তুক বিহু মঞ্চৰ বাবে সম্পূৰ্ণভাৱে সাজু হোৱা শিল্পীগৰাকীয়ে ব্যস্ততাৰ মাজতো মাছধৰা কাৰ্যত  জড়িত হৈ পৰিছে (Self reliant through fish farming )। বিগত দুবছৰ ক'ভিড পৰিস্থিতিয়ে সাংস্কৃতিক ক্ষেত্ৰখনতো বিৰূপ প্ৰভাৱ পেলাইছিল। বহু সাংস্কৃতিক কৰ্মীয়ে অৰ্থৰ অভাৱত জীৱিকাৰ পথ বিচাৰি হাঁহাকাৰ কৰিব লগা হৈছে । ইয়াৰ মাজত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে মৰাণৰ খুমটাইত চাউদাং ফিচাৰি পাৰ্কত আৰম্ভ কৰিছিল কৃষি বিপ্লৱ ।

মীন পালনেৰে গ্ৰাম্য পৰ্যটন বিকাশৰ বাবে বিপিন চাউদাঙৰ নতুন যাত্ৰা চাউদাং ফিচাৰি পাৰ্ক (Chaudang Fishery Park at Moran)। চৰকাৰৰ মীন বিভাগৰ সহায় লৈ শিল্পীগৰাকীয়ে ১২ বিঘাৰ পুখুৰীত মাছ পালন লগতে হাঁহ- কুকুৰা, নেমু, তামোলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে (Fisheries Department of Assan Government) । যি সময়ত ৰাজ্যৰ বহু যুৱক- যুৱতীয়ে কৰ্ম সংস্থাপন নাপায় হতাশ হৈছে, তেনে সময়ত শিল্পীগৰাকীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে । মাছ পালন কৰি লাভাম্বিত হোৱা বুলিও শিল্পীগৰাকীয়ে কয় ।

লগতে পঢ়ক:Public attack on police van : পথ দুৰ্ঘটনাত মৃত্যু তিনি যুৱকৰ; আৰক্ষীৰ বাহনত আক্ৰমণ ক্ষুব্ধ ৰাইজৰ

ABOUT THE AUTHOR

...view details