AAP Protest in Lakhimpur : লখিমপুৰত আপৰ প্ৰতিবাদত উত্তাল এপিডিচিএলৰ কাৰ্যালয় - AAP protest against price hike
লখিমপুৰ, ১৩ জুন :লখিমপুৰত আপৰ প্ৰতিবাদত উত্তাল এপিডিচিএলৰ কাৰ্যালয় । আম আদমি পাৰ্টী চমুকৈ আপৰ লখিমপুৰ জিলা সমিতিয়ে মঙলবাৰে লখিমপুৰৰ কে বি ৰোডস্থিত এপিডিচিএলৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । স্মার্ট মিটাৰ বন্ধ কৰা, নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰা, বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰা আদিৰ দাবীত আপে এই প্ৰতিবাদ জনায় ।
লগতে বিজেপি গ' বেক, বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰক, শক্তিমন্ত্রী মুৰ্দাবাদ, শক্তিমন্ত্রীয়ে পদত্যাগ কৰক, মুখ্যমন্ত্রী হায় হায় আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে এপিডিচিএলৰ কাৰ্যালয় উত্তাল কৰি তোলে । ইফালে প্ৰতিবাদকাৰীসকলে কয় যে বৰ্তমানৰ চৰকাৰ আচলতে ৰাইজৰ পক্ষত নাই । বয়বস্তুৰ মূল্যবৃদ্ধিৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধিলৈকে চৰকাৰখনে ৰাইজক মাধমাৰ শোধাইছে ।
ৰাইজক মাধমাৰ দি কেৱল হিতাধিকাৰী সৃষ্টি কৰি চমক দি বিজেপিয়ে চৰকাৰ গঠনৰ পুনৰ প্ৰয়াস কৰিছে । সঘনে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক যাতনা দিয়াৰ লগতে লোডশ্বেডিং, জাননী অবিহনে বিদুৎ কৰ্তন কৰা আদিৰ ফলত সাধাৰণ ৰাইজে ভোগ কৰা অসুবিধাৰ কথা চৰকাৰ বা বিদ্যুৎ বিভাগে অনুধাৱন কৰা নাই ।
চৰকাৰখনৰ এনে হঠকাৰী কাৰ্যৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আপে ৰাইজক আহ্বান জনায় । আনহাতে, বিজেপিৰ ৰঙাচকুক ভয় নকৰিবলৈ আহ্বান জনাই আপৰ লগত সহযোগ কৰি আগন্তুক নিৰ্বাচনত বিজেপি দলক উপযুক্ত শিক্ষা দিবলৈও আপৰ নেতৃবৰ্গই ৰাইজক আহ্বান জনায় ।
লগতে পঢ়ক :water explosion in Guwahati : ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক;মীৰা বৰঠাকুৰ