অসম

assam

ETV Bharat / videos

মাণিকপুৰত ৭৬ তম স্বাধীনতা দিৱস উদযাপন - মাণিকপুৰত ৭৬ তম স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

আজি দেশৰ ৭৬ তম স্বাধীনতা দিৱস (76th Independence Day)। সামান্তৰালকৈ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Manikpur Higher Secondary School) খেলপথাৰত পালন কৰা হয় দেশৰ ৭৬ তম স্বাধীনতা দিৱস (76th Independence Day at Manikpur) । জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ বীৰ শ্বহীদ সকলক সন্মান জনাই পুৱা ৮:৩০ বজাত শ্বহীদ বেদীত মাল্যাৰ্পন আৰু ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতীমনী দাসে (Circle Officer Reetimoni Das hoisting the national flag at Manikpur) । ইয়াৰ উপৰিও চিপিআই (এম)ৰ উদ্যোগত মাণিকপুৰ অঞ্চলৰ প্ৰথম স্বাধীনতা সংগ্ৰামী, দুবাৰকৈ বিধায়কৰ পদ অলংকৃত কৰা মাণিকপুৰৰ "মাণিক'' স্বামী কৃঞ্চানন্দ ব্ৰহ্মচাৰী দেৱৰ জীৱন আদৰ্শৰ ওপৰত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি স্মৰণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details