অসম

assam

By

Published : Apr 3, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / videos

বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ আপত যোগদান

পঞ্জাৱত চৰকাৰ দখলৰ পাছতে এতিয়া অসমতো ৰাজনৈতিক উত্থানৰ বাবে তৃণমূল পৰ্য্যায়ত সাংগঠনিক ভেঁটি গঢ়ি তুলাত মনোনিৱেশ কৰিছে আপই । চামগুৰিত ৰকিবুল হুছেইনৰ ভেঁটিত শিহৰণ তুলি আম আদমী পাৰ্টিলৈ ঢাপলি মেলিলে একাংশ কংগ্ৰেছ কৰ্মীই । চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰীত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসকীয় বিজেপি ( BJP workers joins AAP) আৰু বিৰোধী কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় অৰ্ধশতাধিক লোকে আনুষ্ঠানিক ভাৱে আম আদমী পাৰ্টীত যোগদান কৰে (Several Congress workers joined AAP) । এই যোগদান সভাত আম আদমী পাৰ্টীৰ নগাঁৱৰ যুটীয়া সমন্বয়ক ৰিছ আহমেদ, জিলা সম্পাদক গোপাল দাস, ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক যুটীয়া সম্পাদক ছবিৰ হুছেইনৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details