অসম

assam

ETV Bharat / videos

নাম নোলোৱাকৈ অগপৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নেকি বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই ?

By

Published : Feb 27, 2022, 7:50 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

দিন বাগৰাৰ লগে লগেই যে মিত্ৰদল বিজেপি আৰু অসম গণ পৰিষদৰ মাজত সৃষ্টি হৈছে সংঘাত (Cold war between AGP and BJP)। ৰাজ্যৰ বিভিন্ন সমষ্টি সমূহৰ দৰে ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিত এই ইংগিত বহন কৰিছে চাবুৱাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ লাহোৱাল বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই এক মন্তব্যত । যদিও বিজেপি আৰু অসম গণ পৰিষদৰ ৰাজ্যিক নেতৃত্বই দুই দলৰ মিত্ৰতাতে পৌৰসভা নিৰ্বাচন খেলাৰ পোষকতা কৰিছে যদিও চাবুৱাৰ মিত্ৰদল বিজেপি আৰু অগপৰ মাজত শীতল যুদ্ধ আৰম্ভ (AGP BJP clash before municipal election)। বৰ্তমানৰ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই কোনো দলৰ নাম নোলোৱাকৈ কয়, চাবুৱাৰ কা আন্দোলনৰ সময়ত বেংক, ঘৰ জ্বলাই জেললৈ যোৱা লোকক এটা দলে প্ৰাৰ্থী দিছে। সেই সকল প্ৰাৰ্থী জয়লাভ কৰিলে চাবুৱা ধ্বংস কৰিব বুলিও কয় বিধায়ক গৰাকীয়ে। উল্লেখ্য যে কা আন্দোলনৰ সময়ত চাবুৱাত শক্তিশালী ভূমিকা লোৱা কেইবাজনো ব্যক্তিক চাবুৱাৰ অসম গণ পৰিষদে পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতে এইদৰে ক্ষোভ প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক গৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details