RSS office in Guwahati: RSSৰ নৱ-নিৰ্মিত কাৰ্যালয় মুকলি অনুস্থানত মুখ্যমন্ত্ৰী - গুৱাহাটীত আৰএচএচৰ কাৰ্যালয়
গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবাৰীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূবৰ প্ৰথমটো কাৰ্যালয় ভৱন 'সূদৰ্শণালয়' মুকলি কৰা হয় (RSS north east office in Guwahati)। প্ৰায় ৭০০ লোকৰ ব্যৱহাৰৰ উপযোগীকৈ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা ৬ মহলীয়া ভৱনটো শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে আৰ এছ এছৰ অখিল ভাৰতীয় কাৰ্যকাৰিনী সদস্য তথা জ্যেষ্ঠ প্ৰচাৰক সুৰেশ সোণীজীয়ে । অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে ৰঞ্জিত দাস, মন্ত্ৰী বিমল বৰা,মন্ত্ৰী ৰণোজ পেগু, অশোক সিংহাল, চন্দ্ৰমোহন পাটোৱাৰী, নৱ দলৈ, নৱ নিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে, সাংসদ দিলীপ শইকীয়াকে ধৰি বহুকেইজন মন্ত্ৰী-বিধায়ক, অসম ক্ষেত্ৰৰ ক্ষেত্ৰ বৈদ্ধিক প্ৰমুখ শংকৰ দাসৰ লগতে কেইবাজনো RSSৰ নেতা উপস্থিত থাকে। RSSৰ অন্যতম প্ৰতিষ্ঠাপক ড৹ কেশৱ বলিৰাম হেডগেৱাৰৰ স্মৃতিত নিৰ্মাণ হৈছে কাৰ্যালয়টো ৷
Last Updated : Feb 3, 2023, 8:21 PM IST