অসম

assam

ETV Bharat / videos

Land Dispute at Kampur : কামপুৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা - কামপুৰত ভুমি বিবাদ

By

Published : Mar 6, 2022, 3:23 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

কামপুৰত দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা । দেওবাৰে দিগন্ত লেখাৰু নামৰ এজন আৰক্ষীয়ে মনোহৰ গাঁৱৰ প্ৰায় ৭০ বিঘা মাটি দখল কৰি উচ্ছেদ কৰিবলৈ মনোহৰ গাঁৱত জেচিবি, টেক্টৰ সহ উপস্থিত হৈ গাঁৱৰ লোকসকলক আক্ৰমণ কৰাত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সৃষ্টি হয় (Clash between two groups at Kampur over land dispute) । জানিব পৰা মতে, মনোহৰ গাঁৱত প্ৰায় 700 টা পৰিয়ালে 70 বছৰৰ পৰা মনোহৰ স্থানত বসবাস কৰি আহিছে । এই পৰিয়ালকেইটাৰ হাতত সকলো নথি পত্ৰ থকাৰ পাছতো আৰক্ষীয়ে এইধৰণে অবৈধ ভাৱে মাটি দখল কৰিবলৈ অহাত এতিয়া উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ (Land Dispute at Kampur) । যাৰ ফলত কেবাজনো লোক আহত হৈছে ৷ আনহাতে কঠিয়াতলী আৰক্ষী চকীত এই সন্দৰ্ভত গোচৰ তৰা পাছতো আৰক্ষীয়ে একো ব্যৱস্থা নোলোৱাত চিন্তনীয় হৈ পৰিছে স্থানীয় ৰাইজ ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details