অসম

assam

ETV Bharat / videos

ৰে’ল ক্ৰছিঙে হ’ল কাল...দুই ভাতৃ দুৰ্ঘটনাত পতিত

By

Published : Aug 10, 2021, 2:14 PM IST

মহানগৰীৰ বোন্দাত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ বোন্দা-চপাইদং সংযোগী ৰে’ল ক্ৰছিঙত সংঘটিত হয় এই দুৰ্ঘটনৈ ৷ দুখন ৰে’লৰ ক্ৰছিঙৰ সময়ত ৰে’লপথ পাৰ হ’বলৈ ধৰোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ৰে’লৰ খুন্দাত থিতাতে এজন ব্যক্তি নিহত হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয় ৷ নিহত ব্যক্তিজনৰ নাম নাৰায়ণ কোচ আৰু আহতৰ নাম অঞ্জন কোচ ৷ সংকটজনক অৱস্থাত অঞ্জন কোচক GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা অনুসৰি, নাৰেংগীৰ পৰা চপাইদঙলৈ এখন পালচাৰ বাইকেৰে দুই ভাতৃয়ে গৈ থকা অৱস্থাত ৰে’লপথটো পাৰ হ’ব খোজোতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷

ABOUT THE AUTHOR

...view details