পহিলা মাঘত গোণা ম'হৰ যুঁজত কঁপিল আঁহতগুৰি - আঁহতগুৰি ম'হ যুঁজ
আজি পহিলা মাঘ ৷ মাঘৰ প্ৰথম দিনটোত নগাঁৱৰ আঁহতগুৰিত অনুষ্ঠিত হ'ল ম'হ যুঁজ ৷ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাচতো গুৱালসকলে অনুষ্ঠিত কৰিলে এই ম'হ যুঁজখন ৷ গোণা ম'হৰ যুঁজ চাবলৈ লোকাৰণ্য হৈ পৰিল আঁহতগুৰিৰ ম'হ যুঁজস্থলীত ৷ জন বিশ্বাস অনুযায়ী পুহ আৰু মাঘ মাহত ম'হৰ গৰল ধৰে আৰু গৰলীয়া ম'হৰ শিঙত এবিধ পোক হয় ৷ যাৰ বাবে যুঁজিবলৈ উন্মাদ হৈ থাকে ম'হ ৷ গুৱালসকলে বিশ্বাস কৰে যে,যদিহে ম'হৰ গৰলৰ পৰা এইদৰে যুঁজাই কিছু ৰক্ত ক্ষৰণ কৰা নহয় তেন্তে গুৱালৰ বাবেও সময়ত বিপদজ্জনক হৈ পৰিব পাৰে ম'হ ৷ আঁহতগুৰিত বৃহস্পতিবাৰে কেইবাহালো গোণা ম'হে দীৰ্ঘ সময় ধৰি যুঁজ কৰি উপস্থিত দৰ্শকক আমোদ দিয়ে ৷