এনআৰচিক লৈ ৰাজ্যজুৰি প্ৰতিবাদ-অসন্তুষ্টি - এন আৰ চিক লৈ ৰাজ্যজুৰি প্ৰতিবাদ-অসন্তুষ্টি
প্ৰকাশৰ পাছত বিৰ্তকই লগ নেৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক ৷ বহুতো খিলঞ্জীয়া লোকৰ নাম কৰ্তনৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ জোৱাৰে এতিয়া লৈছে তীব্ৰগতি ৷ সোমবাৰৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ৷ সংবাদমেল যোগে এন আৰ চিক কতৃপক্ষক ব্যাপক সমালোচনা৷ চিৰাঙত চিলাৰায় উন্নয়ন মঞ্চৰ সংবাদ মেল, ক'লে এন আৰ চিৰ পৰা বাদ পৰিছে বড়ো-কোচৰাজবংশী ভূমিপুত্ৰ লোক৷ শিলচৰত গৈৰিক ভাৰত নামৰ এক হিন্দুত্ববাদী সংগঠনে এনআৰচিত সৃষ্টি হোৱা খেলি-মেলিৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক ক্ষুৰধাৰ সমালোচনা কৰে৷ এন আৰ চিৰ ওপৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কৰা মন্তব্যৰ পাছত গুৱাহাটীত সোমবাৰে এক সংবাদ মেল যোগে ইমাৰণ খানক ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত মাত নামাতিবলৈ সকীয়নি দিয়ে গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদে লগতে প্ৰেচ ক্লাবৰ সন্মুখত সংগঠনটোৱে হাইদৰাবাদৰ সাংসদ আছাদউদ্দিন ওৱেছীৰ প্ৰতিকৃতি দাহ কৰে৷ ইফালে আজি নগাঁৱত এক সংবাদমেল যোগে চৰকাৰক "সাপ" আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰী কৰিবুল হুছেইনে লগতে প্ৰাক্তন মন্ত্ৰীজনে এন আৰ চিক লৈ শ্বেতপত্ৰ দাবী কৰে৷ আনহাতে বঙাইগাঁৱত এক সংবাদ মেল যোগে আমছুৰ সভাপতি ৰেজাউল কৰিমে উভতি ধৰে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈক ৷ গগৈয়ে আমছুৰ বাবে এন আৰ চিত পলম হোৱা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি তেঁওক তৰুণ গগৈক ব্যৰ্থ আখ্যা দি কয় যে তেও আৰক্ষী লগাই আমছুৰ সমৰ্থনত আন্দোলন কৰিবলৈ অহা চাৰিজনকৈ লোকক গুলিয়াই হত্যা কৰিছিল৷ ইয়াক লৈ আমাৰ এক প্ৰতিবেদন.......