কেমেৰাত বন্দী আৰক্ষীৰ উৎকোচ লোৱা দৃশ্য
ৰাজ্যত পুনৰ খাকী পোছাকত লাগিল দাগ । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ কৰ্মৰাজিৰ শুধৰণিৰ কথা কৈছিল । তাৰপিছতো কামৰূপৰ ডোবক আৰক্ষীৰ নির্লজ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰঙিয়া মহকুমা । কেমেৰাত বন্দী হৈছে দিন-দুপৰতে ৰাজপথত আৰক্ষীয়ে ধন সংগ্ৰহ কৰা দৃশ্য ৷ একাংশ চালান বিহীনভাৱে চলাচল কৰা ডাম্পাৰৰ পৰা ধন সংগ্ৰহ ডোবক আৰক্ষীৰ । যদিহে কোনো ডাম্পাৰে চালানসহ শিল-বালি কঢ়িয়াই লৈ যায়, তেতিয়া টকা দিব অমান্তি হ’লে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হ’বলগা হয় । উল্লেখ্য যে, এইসকল দুৰ্নীতিগ্ৰস্ত আৰক্ষীক শীঘ্ৰে শাস্তি দিবলৈ আহ্বান জনাইছে ৰঙিয়াৰ সচেতন ৰাইজে ।