লাভলীনা ইমান জেদী কিয় ?
যি গৰাকী অসমকন্যাক লৈ সমগ্ৰ অসমবাসীৰ বুকু এতিয়া গৌৰৱত ওফন্দি উঠিছে, যিগৰাকী অসমকন্যাই নিজৰ জন্মভূমিৰ বাবে সোণালী আখৰেৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে, সেইগৰাকী অসম গৌৰৱ লাভলীনা বৰগোঁহাই কিন্তু যেতিয়া বক্সিঙৰ ৰিঙত নামে তেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে প্ৰত্যক্ষ নকৰে কন্যাৰ দুৰ্দান্ত খেল । শুনিবলৈ আচৰিত যেন লাগিলেও 100 শতাংশই সঁচা এই কথা । আজি পৰ্যন্ত কন্যা লাভলীনাৰ এখনো খেল টেলিভিছনৰ পৰ্দাতেই হওক বা ষ্টেডিয়ামতে হওক কতোৱে চোৱা নাই পিতৃ-মাতৃয়ে । আনকি ইতিহাস ৰচি টকিঅ' অলিম্পিকত এতিয়ালৈকে ভাগ লোৱা এখনো খেল তেওঁলোকে চোৱা নাই । কিন্তু কিয় ? লাভলীনাৰ খেল কিয় নাচায় তেওঁৰ পিতৃ-মাতৃয়ে ? দুৰ্দান্ত বক্সাৰ লাভলীনা বৰগোঁহাইৰ আটাইতকৈ যোগাত্মক দিশটো কি ? লাভলীনা ইমান জেদী কিয় ? এই সকলো উৎকন্ঠাৰ উত্তৰ পাবলৈ চাওঁক ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ বিশেষ টেলিফোনিক সাক্ষাৎকাৰ...
Last Updated : Aug 1, 2021, 6:29 PM IST