অসম

assam

ETV Bharat / videos

পল্টনবজাত কিন্নৰ উদ্ভণ্ডালি: আক্ৰমণৰ বলি হ’ল দম্পত্তি - পল্টন বজাৰ

By

Published : Sep 4, 2021, 9:08 PM IST

শুকুৰবাৰে নিশা পল্টন বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনা অনুসৰি পল্টন বজাৰ আৰক্ষী থানাৰ সন্মুখত এদল কিন্নৰে নিশা প্ৰায় 11.30 বজাত কৰিলে উদ্ভাণ্ডালি ৷ পইচা নিদিয়াৰ বাবেই লখিমপুৰৰ এক দম্পত্তিক প্ৰহাৰ কৰিছিল কিন্নৰৰ দলটোৱে ৷ একেদৰে আন এগৰাকী ব্যক্তিৰ পৰাও কিন্নৰৰ দলটোৱে কাঢ়ি লৈ যায় সোণৰ চেইন আৰু ম’বাইল ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত পল্টনবজাৰত উপস্থিত হোৱা দম্পত্তিটোয়ে কিন্নৰক পইচা নিদিয়াৰ বাবেই প্ৰহাৰ কৰাৰ লগতে আন এজন লোকৰ পৰা ম'বাইল আৰু সোণৰ চেইন কাঢ়ি লৈ যায় । কিন্নৰৰ দলটোৰ আক্ৰমণৰ পৰা দম্পতিটোক উদ্ধাৰ কৰিবলৈ যোৱা পল্টন বজাৰ আৰক্ষীকো প্ৰহাৰ কৰে উদণ্ড কিন্নৰৰ এই দলটোৱে । ইয়াৰোপৰি পল্টন বজাৰ আৰক্ষী থানা চৌহদতো কিন্নৰৰ দলটোৱে কৰে উদ্ভণ্ডালি । ইপিনে কিন্নৰৰ আক্ৰমণত আহত হোৱা দম্পতীক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হয় । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, নিশা হলেই পল্টনবজাৰ অঞ্চলত কিন্নৰৰ উদ্ভণ্ডালি আৰম্ভ হয় । সম্প্ৰতি ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details