অসম

assam

By

Published : Oct 30, 2021, 10:53 PM IST

ETV Bharat / videos

গৌৰিসাগৰত দিখৌৰ পাৰ কুৰুকিছে ভূ-মাফিয়াই

মাটি দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সৰৱ ভূমিকা গ্ৰহণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত অব্যাহত আছে ভূ-মাফিয়াৰ অবৈধ মাটি খনন ৷ গৌৰীসাগৰৰ নকটানিত দিখৌ নদীৰ কাষত ভূ-মাফিয়াই এক্সেভেটৰ লগাই অবৈধ মাটি খনন চলাই আহিছে । দিখৌ নদীৰ বুকুত এনেদৰে ভূ মাফিয়াই চলাই অহা অবৈধ মাটি খননৰ ফলত শংকিত হৈ উঠিছে স্থানীয় লোকসকল । আনহাতে, ভূ মাফিয়াৰ এই অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে শিৱসাগৰ জিলা বন বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ ভূ মাফিয়াৰ এই অবৈধ মাটি খননে দিখৌ নদীৰ মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই অনাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকে । অঞ্চলটোত বিভিন্ন স্থানত মথাউৰিৰ কাষত আৰু নদীৰ পাৰত অবাধ মাটি খনন চলোৱাৰ পিছতো শিৱসাগৰ জিলা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকসকল ক্ষোভিত হৈ পৰিছে । শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকসকলে ।

ABOUT THE AUTHOR

...view details