জোনাইত বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল - জলপৃষ্ঠ উফন্দি বাঢ়নী পানী
কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ জলপৃষ্ঠ ওফন্দি বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাই ৰাজহ চক্ৰৰ চিলে গাঁও পঞ্চায়তৰ কবুচাপৰিৰ বৃহত্তৰ অঞ্চল ৷ কবুচাপৰিৰ ১ নং আৰু ২ নং ৱাৰ্ড মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, সোণোৱাল কাঠনিত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF য়ে ৷ উল্লেখ্য যে, নদীদ্বীপ কবুচাপৰিৰ পৰা প্ৰায় ৯০ গৰাকী লোকক জোনাই প্ৰশাসনে SDRFৰ জৰিয়তে উদ্ধাৰ চলাই জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি ৰখা ব্যৱস্থা কৰিছে ৷ উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত দুগৰাকী গৰ্ভৱতী আৰু এজন অসুস্থ লোক আছে বুলি জানিব পৰা গৈছে ৷