চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !
গুৱাহাটী, 15 ছেপ্তেম্বৰঃ "নতুন ৰাজনৈতিক দল খোলক, তাত আমাৰ আপত্তি কৰিবলৈ একো নাই ৷ নতুন ৰাজনৈতিক দল খুলিলে আমি ভালহে পাওঁ ৷ কিন্তু নতুন ৰাজনৈতিক দলৰ দামত চান্দা বিচাৰি ব্যৱসায়ীক যাতে হাৰাশাস্তি নকৰে ৷" সোমবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহৰ এক অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' সন্দৰ্ভত সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷