অসম

assam

ETV Bharat / videos

CAAৰ বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজৰ - Echoes From Hills তেজপুৰ বিশ্ববিদ্যালয়

By

Published : Jan 19, 2020, 11:52 PM IST

Echoes From Hills ..এক শীৰ্ষক কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক একত্ৰিত কৰি তেজপুৰ বিশ্ববিদ্যালয়য়ে আজি তেজপুৰ ডঃ ভূপেন হাজৰিকাৰ কলাভূমিত 'কা 'CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ মাজতে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সম্পাদক কুমাৰ ৰায় আৰু নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ চায়েন্সে এণ্ডটেকন'লজিৰ ছাত্ৰ তদাৰ মামাংয়ে ইটিভি ভাৰতৰ লগত এক সুকীয়া সাক্ষাৎকাৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত আন্তঃ ৰাজ্যিক সীমা পাৰ পত্ৰ আইন প্ৰণয়ন কৰাৰ পোষকতা কৰে । শিক্ষাৰ্থীসকলে অহা ২২ জানুৱাৰীত CAA ৰ উচ্চতম ন্যায়ালয়ৰ ৰায় দানৰ দিনটোত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ লগতে মহাবিদ্যালয় বিদ্যালয় সমূহৰ বন্ধ ৰখাৰ আহ্বান জনাইছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details