অসম

assam

ETV Bharat / videos

ৰাজ্যত 24 ঘন্টাই বিদ্যুৎ সেৱা লাভ কৰিবলৈ সময় লাগিব 8 পৰা 10 বছৰ : বিমল বৰা - 8 পৰা 10 বছৰ

By

Published : Sep 11, 2021, 5:22 PM IST

যোৰহাটত শক্তি মন্ত্ৰী বিমল বৰাৰ সংবাদমেল ৷ বিদ্যুৎ বিভাগে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে এই সংবাদমেল খনতে ৷ মন্ত্ৰী বিমল বৰাই কয় যে, ৰাজ্যত যি সকলে এতিয়াও বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক অতি শীঘ্ৰে ৰাজ্যৰ চৰকাৰে বিদ্যুৎ যোগান ধৰিব ৷ সেই অনুসৰি 4 লাখ 80 হাজাৰ লোকে লাভ কৰিব বিদ্যুৎ সেৱা ৷ লগতে তেওঁ কয় যে, অন ব্ৰীড আৰু অফ ব্ৰীড দুয়োটা মাধ্যমতে বিদ্যুৎ যোগান লাভ কৰিব গ্ৰাহক সকলে ৷ তাৰ সমান্তৰাল ভাৱে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ একেদৰে বিদ্যুৎ সেৱা 24 ঘন্টাই যোগান ধৰিবৰ বাবে ৰাজ্য চৰকাৰক 8 পৰা 10 বছৰ সময় লাগিব বুলি কোৱা দেখা যায় মন্ত্ৰী গৰাকীক ৷ আনহাতে বিদ্যুৎ বিভাগটোত সংস্কাৰ সাধনৰ বাবে গ্ৰহণ কৰা আন কেতবোৰ বিষয়ে সংবাদমেল খনত মন্ত্ৰী গৰাকীয়ে সদৰি কৰা দেখা যায় ৷

ABOUT THE AUTHOR

...view details