অসম

assam

By

Published : Mar 16, 2022, 11:24 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / videos

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনত নৃশংস হত্যাকাণ্ড

জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Murkongselek railway station) । মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । অচিনাক্ত যুৱকজনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলায় থৈ যায় (Miscreant killed one person in Jonai) । মৃতদেহৰ কাষত নীলা ৰঙৰ মোনা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এই ঘটনাই জোনাই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে (Jonai murder case) । হত্যাৰ বলি হোৱা যুৱকজনক অদ্যপি চিনাক্ত কৰিব পৰা নাই । লগতে জানিব পৰা হোৱা নাই হত্যাকাণ্ডৰ কাৰণ ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details