হায়দৰাবাদত মহাভাৰতঃ কৰ্ণ-দুৰ্যোধনৰ মিত্ৰতা
চিনেমাৰ উপৰিও নাটক আৰু থিয়েটাৰৰ প্ৰতি মানুহৰ সহজাত দুৰ্বলতা আছে ৷ এই কথাৰ প্ৰমাণ দেখিবলৈ পোৱা গ'ল হায়দৰাবাদ চহৰত ৷ য'ত এখন থিয়েটাৰত মঞ্চস্থ হৈছিল 'মহাভাৰত' ৷ এই মহাভাৰত চাবলৈ উপস্থিত হৈছিল অগণন দৰ্শক ৷ মহাভাৰতৰ ওপৰত আধাৰিত এই নাটকখনৰ ৰচনা আৰু নিৰ্দেশনা পুণীত ঈশ্বৰৰ ৷ উল্লেখ্য যে,পুণীত ঈশ্বৰে চন 1988ত বি আৰ চৌপ্ৰাৰ টি ভি চিৰিজ মহাভাৰতত দুৰ্যোধন চৰিত্ৰৰ ৰূপায়ণ কৰিছিল ৷ আহকচোন চাওঁ,ফেলিচিটী থিয়েটাৰৰ ফাউণ্ডাৰ ৰাহুল ভুচ্ছৰৰ দ্বাৰা নিৰ্মিত এই মহাভাৰতৰ বাবে সকলো চৰিত্ৰই কেনেদৰে প্ৰস্তুতি চলাইছিল আৰু কি কৈছিল থিয়েটাৰখনৰ বিষয়েঃ