সেনাবাহিনী আৰু বায়ু সেনাৰ সহায়ত নিমাতীঘাটত চলিব অভিযান - উৰে নিশা উদ্ধাৰ অভিযান
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে যোৰহাটৰ নিমাতীঘাটত উপস্থিত সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা । সমগ্ৰ ঘটনা চৰজমিন নিৰীক্ষণ কৰিবলৈ আহি যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগত তাৎক্ষণিক আলোচনা কৰে সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰাই ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আজি ওৰে নিশা উদ্ধাৰ অভিযান অব্যাহত থাকিব । আনহাতে মন্ত্ৰী বিমল বৰাই জনোৱা মতে, বৃহস্পতিবাৰে সেনাবাহিনীৰ লগতে বায়ু সেনা বাহিনীৰ সহায় লৈ উদ্ধাৰ অভিযান চলোৱা হ’ব ।