অসম

assam

ETV Bharat / videos

কবু চাপৰিত একাঁঠু পানীত নামি পতাকা উত্তোলন বিদ্যালয়ত - জোনাইত পানীৰ মাজতে পতাকা উত্তোলন কৰিলে শিক্ষক তথা অভিভাৱক ৰাইজে

By

Published : Aug 16, 2021, 5:41 PM IST

জোনাইৰ কবু চাপৰি প্ৰথমিক বিদ্যালয়ত পানীৰ মাজতে উত্তোলন কৰিলে জাতীয় পতাকা । দেওবাৰে সমগ্ৰ দেশৰ লগতে বিভিন্ন দিনজোৰা কাৰ্যসূচীৰে জোনাইতো পালন কৰে দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । ইয়াৰে জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত কবু চাপৰিৰ এখন প্ৰাথমিক বিদ্যালয়তো বিশেষভাৱে উদযাপন কৰে দেশৰ 75সংখ্যক স্বাধীনতা দিৱস । চিয়াং নদীৰ বানে বুৰাই থোৱা কবু চাপৰি প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ শিক্ষক তথা অভিভাৱক ৰাইজে বিদ্যালয় প্ৰাংগণৰ একাঁঠু পানীত নামি পানীৰ মাজতে জাতীয় পতাকা উত্তোলন কৰি পালন কৰিলে 75 সংখ্যক স্বাধীনতা দিৱস । ইফালে নাৱৰ ওপৰৰ পৰাই ভাৰত মাতা কি জয় বুলি ধ্বনি দি পতাকা উত্তোলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে একাংশ অভিভাৱক ৰাইজে ৷

ABOUT THE AUTHOR

...view details