খং কমিল: দিছপুৰত নিৰ্বাচন নেখেলে জয়ন্ত দাসে
দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ নহয় বিজেপি নেতা তথা দলটোৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস । বুধবাৰে সন্ধিয়া নিজা বাসভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি তেওঁৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিজেপি নেতাগৰাকীয়ে । উল্লেখযোগ্য যে দিছপুৰ সমষ্টিত বিজেপিৰ শক্তিশালী দাবীদাৰৰূপে জয়ন্ত দাস অৱতীৰ্ণ হৈছিল যদিও দলে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অতুল বৰাকেই পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে । যাৰ ফলত ক্ষুব্ধ হৈ পৰে জয়ন্ত দাস । আনকি সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়াৰো হুংকাৰ দিছিল তেওঁ । কিন্তু অৱশেষত দলীয় নেতৃত্বৰ বুজনিত সিদ্ধান্ত সলনি কৰে জয়ন্ত দাসে ।অৱশ্যে সিদ্ধান্ত সলনি কৰিলেও বৰ্তমানৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে কিন্তু আজিও তেওঁ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰে । কেৱল বিজেপি প্ৰাৰ্থী হোৱা বাবেহে দিছপুৰত অতুল বৰা পুণৰ জয়ী হ’ব বুলি তেওঁ মন্তব্য কৰে । আনকি অতুল বৰাক ন্যুনতম সৌজন্যবোধ নথকা এজন লোক বুলি অভিহিত কৰে জয়ন্ত দাসে ।