ডাল হ্ৰদত কাশ্মীৰৰ পৰ্যটন সঞ্চালকালয়ৰ শিকাৰা ৰেলী
ভাৰতবৰ্ষৰ স্বাধীনতাৰ 75 বছৰ হোৱাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশ হিচাপে, কাশ্মীৰৰ পৰ্যটন সঞ্চালকালয়ে বুধবাৰে ডাল হ্ৰদত শিকাৰা ৰেলীৰ আয়োজন কৰে ৷ ৫০ খনতকৈও অধিক শিকাৰা নাৱে এই ৰেলীত অংশগ্ৰহণ কৰে । কাশ্মীৰৰ পৰ্যটন সঞ্চালক ড৹ জি এন ইটুৱে শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) এই সমদলৰ শুভাৰম্ভ কৰে যি নেহৰু পাৰ্কত গৈ সমাপ্ত হয় । ডাল হ্ৰদৰ শিকাৰাৰ দৃষ্টিনন্দন দৃশ্য স্থানীয় লোক আৰু পৰ্যটক সকলোৰে মাজত পাৰ ভগা উচাহৰ সৃষ্টি কৰে ।