দিপালী বিহীন প্ৰায় এটা বছৰ : কেনে আছে নীলপৱন বৰুৱা !
কেনভাচত জীৱনৰ প্ৰতিচ্ছবি অংকন কৰা এগৰাকী স্থিতপ্ৰজ্ঞ চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷ যিয়ে কেনভাচত তুলিকা বোলাই প্ৰাণ দিছিল বহু বিখ্যাত ছবি । সুৰ আৰু চিত্ৰৰ এক অনবৈদ্য সংমিশ্ৰণ ঘটাইছিল এইগৰাকী মহান মনিষীয়ে । কিন্তু তেওঁ আজি নিসংগ ,কাষত নাই তেওঁৰ প্ৰিয়তমা ৷ চিত্ৰ শিল্পৰে জগত জিনা নীলপৱন বৰুৱাৰ হাত আজি স্তব্ধ । কেনভাচত তুলিকাৰে জীৱনৰ ৰং বুলোৱা নীলপৱন বৰুৱাৰ বৰ্তমান সংগী কেৱল এখন বিচনা আৰু এডাল লাখুটি ৷এলজেইমাৰ ৰোগৰ বাবে পাহৰি গৈছে বহু কথা । ৮৪ বৰ্ষীয় এই গৰাকী চিত্ৰ শিল্পীৰ সৌৰভ নগৰৰ আপোন ঘৰখনত এতিয়া নাই পূৰ্বৰ সেই সৌৰভ । কেউফালে নিতাল নিস্তব্ধ পৰিৱেশ । কাৰণ নীলপৱন বৰুৱা এতিয়া নিসংগ । ২০১৮ বৰ্ষত তেওঁৰ পৰা বিদায় ল'লে সুৰেৰে জীৱন জীপাল কৰা পত্নী দিপালী বৰঠাকুৰে । তেতিয়াৰে পৰা এবুকু বেদনা আৰু কিছু স্মৃতিৰ সৈতে দিন অতিবাহিত কৰিছে নীলপৱন বৰুৱাই । চৰকাৰে নিয়োগ কৰা দুগৰাকী মহিলাই দিনে নিশাই তদাৰক কৰিছে চিত্ৰৰ জৰিয়তে সপোন ৰচা নীলপৱন বৰুৱাক । তেওঁ যেন আজিও কেনভাচত বুলাব বিচাৰে সেই ৰংবোৰ । কিন্তু শৰীৰে যেন সহযোগ নকৰে । সেয়ে বিচনা খনেই যেন একমাত্ৰ সাৰথি হৈছে নীলপৱন বৰুৱাৰ ।পাহৰি গৈছে বহু কথা । বহু শুভাকাংক্ষী আৰু চৰকাৰৰ প্ৰতিনিধিয়ে বেলতলা সৌৰভ নগৰৰ এই চিনাকি ঘৰ খনত প্ৰায়ে দেখা কৰে নীলপৱন বৰুৱাক । সময় মতে খাদ্য আৰু স্বাস্থ্যৰ যতন লৈছে এগৰাকী মহিলাই । এনেদৰেই জীৱনৰ বিয়লি বেলাত দিন অতিবাহিত কৰিছে প্ৰখ্যাত শিল্পী গৰাকীয়ে । সুৰ আৰু চিত্ৰৰে একাত্ম হৈ থকা ঘৰখনত এতিয়া নীৰৱতাৰে ভৰা পৰিবেশ যদিও নীলপৱন বৰুৱাই সেয়া অনুভৱ কৰিবলৈ দিয়া নাই । সেয়ে চিনাকি সেই ঘৰ খনলৈ জীৱনৰ সুৰ বিচাৰি এতিয়াও আহে বহু শুভাকাংক্ষী । দিপালী বিহীন নীলপৱন বৰুৱাক কেন্দ্ৰ কৰি ইটিভি ভাৰতে যুগুতোৱা চাওক এই বিশেষ প্ৰতিবেদন .........