পূজাৰ পিছতে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা - ক’ভিড 19 অসম
পূজাৰ পিছতে ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গুৱাহাটী মহানগৰীত যোৱা 10 টা দিনত ৮৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে । এন এইছ এম (NHM)ৰ তথ্য অনুসৰি 10 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈ গুৱাহাটীত মুঠ 79,438 গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰ ভিতৰত 869 গৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰ বিপৰীকে 5 গৰাকী লোকৰ মৃত্যু হৈছে ৷ যোৱা 10 দিনত মহানগৰীক ক’ভিড আক্ৰান্তৰ হাৰ 1.09 % ৷ উল্লেখ্য যে, 10 অক্টোবৰত 60 গৰাকী, 11 অক্টোবৰত 104 গৰাকী, 12 অক্টোবৰত 76 গৰাকী, 13 অক্টোবৰত 82 গৰাকী, 14 অক্টোবৰত 101 গৰাকী, 15 অক্টোবৰত 63 গৰাকী, 16 অক্টোবৰত 61 গৰাকী, 17 অক্টোবৰত 68 গৰাকী, 18 অক্টোবৰত 103 গৰাকী আৰু 19 অক্টোবৰত 152 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ ৷ ইয়াৰ বিপৰীতে ১৩ অক্টোবৰত এজন, ১৪ অক্টোবৰত দুজন, ১৭ অক্টোবৰত এজন আৰু ১৮ অক্টোবৰত এজনৰ মৃত্যু হৈছে । এই তথ্য সদৰি কৰি জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই সজনসাধাৰণক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সঘনে হাত ধুবলৈ আহ্বান জনায় ৷