অসম

assam

ETV Bharat / videos

শিৱসাগৰত কংগ্ৰেছৰ ৰেলী

By

Published : Mar 24, 2021, 8:22 PM IST

শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ । ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈৰ হৈ দলৰ কৰ্মী সকলে এক বৃহৎ ৰেলী দৰবাৰ খেল পথাৰৰ পৰা বাহিৰ কৰে । নগৰখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি কংগ্ৰেছ দলক ভোট দিবৰ বাবে আহবান জনায় । উক্ত ৰেলীত অংশ লৈ চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অংশ লৈ সমষ্টিৰ ৰাইজক কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূপেশ বাঘেলক নিৰ্বাচিত কৰিবলৈ আহবান জনায় । উল্লেখযোগ্য যে, মঙলবাৰে বিজেপি দলৰ হৈ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত ৰ'ড শ্ব কৰি যোৱাৰ পাছত আজি পুৱা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ এক বিয়াগোম ৰেলী বাহিৰ কৰাৰ বিপৰীতে আজি বিয়লি কংগ্ৰেছ দলৰ হাজাৰ হাজাৰ সমৰ্থকৰ এনে বৃহৎ ৰেলীয়ে সমষ্টিত নিৰ্বাচনী ফলাফল অনিশ্চিত কৰি তুলিছে ।

ABOUT THE AUTHOR

...view details