আমিনগাঁৱত বানৰ সংহাৰী ৰূপ - লাচিতপুৰ
ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰালে আমিনগাওঁ,ইটাভাটা আৰু লাচিতপুৰ । ব্ৰহ্মপুত্ৰৰ কোঁবাল সোঁতে উটুৱাই লৈ গ'ল ঘৰ-দুৱাৰ ৷ মহাবাহু ব্ৰহ্মপুত্ৰই সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতেই এতিয়া বানাক্ৰান্তসকল ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ।