ডেৰ বছৰীয়া বন্দীত্বৰ অৱসানেৰে মুকলি আকাশৰ তলত অখিল গগৈ - AKHIL GOGOI
প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী জীৱন কটাই অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিধায়ক অখিল গগৈ। কেইবাটাও গোচৰত কাৰাবন্দী হোৱা অখিল গগৈৰ বিৰুদ্ধে চান্দমাৰী থানাত ‘নিয়া’ৰ এক গোচৰ চলি আছিল । অৱশেষত এই গোচৰৰ পৰা দোষমুক্ত হৈ মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ । কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰাৰ পিছতেই গগৈয়ে কয় যে ‘‘এইটো এটা ঐতিহাসিক মূহুৰ্ত । প্ৰায় ডেৰ বছৰ জেলত থাকিলো । মোৰ ওপৰত মাওবাদীৰ গোচৰ তৰা হৈছিল কিন্তু আজি আদালতে প্ৰমাণ কৰিলে যে মাওবাদী গোচৰ, কা আন্দোলনক ধ্বংস কৰাৰ গোচৰ এই আটাইবোৰ গোচৰ ভুৱা । আজি ভাৰতৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন । আজি মই এটা অন্যায়ৰ পৰা ওলাই আহিবলৈ সক্ষম হ’লো”।